নাৰী - অসমীয়া ৱিকিপিডিয়া
সমললৈ যাওক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
উৰালত চিৰা খুন্দি থকা অৱস্থাত গোৱালপাৰা, অসমৰ কেইগৰাকীমান জনজাতীয় নাৰী
এগৰাকী
নাৰী
ইংৰাজী
Woman
) হৈছে এক প্ৰাপ্তবয়স্ক মানৱী।
প্ৰাপ্তবয়স্ক হোৱাৰ আগতে, এগৰাকী নাৰীক ছোৱালী (কন্যা শিশু বা কিশোৰী) বুলি কোৱা হয়।
সাধাৰণতে, এগৰাকী নাৰীৰ দুটা এক্স ক্ৰম'জম থাকে আৰু ইয়াৰ দ্বাৰা তেওঁ গৰ্ভধাৰণ কৰিবলৈ আৰু যৌৱনৰ পৰা ৰজোনিবৃত্তিলৈকে সন্তান জন্ম দিবলৈ সক্ষম। স্ত্ৰী প্ৰজনন তন্ত্ৰই নাৰীৰ শাৰীৰিক গঠনক পুৰুষৰ শৰীৰতন্ত্ৰৰ পৰা পৃথক কৰে ইয়াৰ ভিতৰত আছে ডিম্বাশয়, ফেলোপিয়ান নলী, জৰায়ু, যোনি, আৰু ভালভা। প্ৰাপ্তবয়স্ক নাৰীৰ শ্ৰোণী বহল, কঁকাল বহল, আৰু স্তনদ্বয় প্ৰাপ্তবয়স্ক পুৰুষতকৈ ডাঙৰ। মহিলাৰ মুখমণ্ডল আৰু শৰীৰৰ অন্যান্য অংশত লোমৰ পৰিমাণ যথেষ্ট কম, শৰীৰৰ চৰ্বিৰ গঠন অধিক, আৰু পুৰুষতকৈ গড়ে চাপৰ আৰু কম পেশীবহুল।
সমগ্ৰ মানৱ ইতিহাসত, পৰম্পৰাগত লিংগ ভূমিকাই প্ৰায়ে নাৰীৰ কাৰ্যকলাপ আৰু সুযোগবোৰক নিৰ্ধাৰণ কৰাৰ লগতে তাক সীমিত কৰি ৰাখিছে। বহুতো ধৰ্মীয় মতবাদত মহিলাসকলৰ বাবে কিছুমান নিয়ম নিৰ্ধাৰণ কৰা হৈছে। বহুতো সমাজত বিংশ শতিকাৰ সময়ছোৱাত প্ৰতিবন্ধকতা শিথিল হোৱাৰ লগতে মহিলাসকলে পৰম্পৰাগত গৃহিণীৰ বাহিৰেও কেৰিয়াৰৰ প্ৰৱেশাধিকাৰ লাভ কৰিছে, আৰু উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সামৰ্থ্য লাভ কৰিছে। মহিলাৰ বিৰুদ্ধে হিংসা(পৰিয়ালৰ ভিতৰত হওক বা সম্প্ৰদায়ত হওক)ৰ এক দীঘলীয়া ইতিহাস আছে আৰু এই হিংসা মুখ্যতঃ পুৰুষৰ দ্বাৰা সংঘটিত হৈ আহিছে।
ট্ৰান্স মহিলা সকলৰ জন্মৰ সময়ত পুৰুষ যৌনাংগ থাকে যি তেওঁলোকৰ লিংগ পৰিচয়ৰ সৈতে সংগতি নাৰাখে, আনহাতে আন্তঃযৌন মহিলাৰ এনে কিছুমান যৌন বৈশিষ্ট্য থাকিব পাৰে যি সমূহ নাৰী জীৱবিজ্ঞানৰ সাধাৰণ ধাৰণাৰ সৈতে খাপ নাখায়।
পৰিভাষা
সম্পাদনা কৰক
শৈশৱ, যৌৱন আৰু কৈশোৰৰ মাজেৰে পাৰ হোৱাৰ পিছৰ সময়চোৱাই এগৰাকী মানৱীৰ নাৰীত্ব জীৱনৰ সময়।
বিভিন্ন দেশৰ বিভিন্ন আইন থাকিলেও ১৮ বছৰ বয়সকেই সাধাৰণতে সংখ্যাগৰিষ্ঠ বয়স বুলি গণ্য কৰা হয় (যি বয়সত এজন ব্যক্তিক আইনীভাৱে প্ৰাপ্তবয়স্ক বুলি গণ্য কৰা হয়)।
নাৰী শব্দটো সাধাৰণতে যিকোনো বয়সৰ স্ত্ৰী লিংগৰ ব্যক্তিক বুজাবলৈ ব্যৱহাৰ কৰিব পাৰি।
গাৰ্ল
শব্দটোৰ মূল ইংৰাজী অৰ্থ আছিল "যিকোনো লিংগৰ কোমল বয়সৰ ব্যক্তি";
ষোড়শ শতিকাৰ আৰম্ভণিত হে ইয়াৰ অৰ্থ বিশেষকৈ এগৰাকী কন্যা শিশু বুলি ধৰা হয়।
ছোৱালী শব্দটো কেতিয়াবা এগৰাকী যুৱতী বা অবিবাহিত মহিলাক বুজাবলৈ মৌখিক ৰূপত ব্যৱহাৰ কৰা হয়; অৱশ্যে, ১৯৭০-ৰ দশকৰ আৰম্ভণিতে, নাৰীবাদীসকলে শব্দটোৰ এনে অৰ্থত ব্যৱহাৰক প্ৰত্যাহ্বান জনাইছিল কিয়নো প্ৰাপ্তবয়স্ক মহিলাক বুজাবলৈ শব্দটো ব্যৱহাৰ কৰিলে ই সু-সংজ্ঞাবদ্ধ নহয়। বিশেষকৈ, আগতে প্ৰায়ে ব্যৱহাৰ হোৱা এটা শব্দ
অফিচ গাৰ্ল
বৰ্তমানৰ প্ৰেক্ষাপটত বিলুপ্তপ্ৰায়।
ইয়াৰ বিপৰীতে, কিছুমান সংস্কৃতিত পৰিয়ালৰ সন্মানক নাৰীৰ কুমাৰীত্বৰ সৈতে সম্পৰ্কিত কৰা হয়। গাৰ্ল শব্দটো (বা আন ভাষাত ইয়াৰ সমতুল্য) এতিয়াও অবিবাহিত মহিলাক বুজাবলৈ ব্যৱহাৰ কৰা হয়; এই অৰ্থত ইয়াক প্ৰায় কম-বেছি পৰিমাণে অপ্ৰচলিত ইংৰাজী মেড বা মেডেনৰ সৈতে সাদৃশ্যপূৰ্ণ ধৰণে ব্যৱহাৰ কৰা হয়।
জৈৱিক বিৱৰণ
সম্পাদনা কৰক
স্ত্ৰী ক্ৰম'জমৰ বিভাজন
স্ত্ৰী জনন অংগৰ বিভিন্ন ভাগ সমূহ।
সাধাৰণতে মহিলাৰ কোষবোৰত দুটা এক্স ক্ৰম'জম থাকে, আৰু পুৰুষৰ কোষবোৰত এক্স আৰু ৱাই ক্ৰম'জম থাকে।
প্ৰাৰম্ভিক ভ্ৰূণ বিকাশৰ সময়ত দুয়োটা লিংগৰ ভ্ৰূণৰ ৰূপতত্ত্ব প্ৰায় ৬ বা ৭ সপ্তাহলৈকে একে হয়। মহিলাৰ ক্ষেত্ৰত যৌন পাৰ্থক্য এনেদৰে আগবাঢ়ে যি গণ্ডল হৰমনৰ পৰা স্বতন্ত্ৰ।
যিহেতু মানুহৰ ক্ষেত্ৰত কেৱল মাতৃৰ ডিম্বাশয়ৰ পৰাহে মাইটোকণ্ড্ৰিয়েল ডিএনএ উত্তৰাধিকাৰী হয়, সেয়ে বংশানুক্ৰমিক গৱেষকসকলে মাতৃবংশৰ বিষয়ে আগতীয়াকৈ ধাৰণা গ্ৰহণ কৰিব পাৰে।
নাৰী আৰু পুৰুষৰ দৈহিক অৱয়বৰ দৃশ্যমান পাৰ্থক্য
নাৰীৰ যৌৱন প্ৰাপ্তিৰ ফলত শাৰীৰিক পৰিৱৰ্তন হয় যি নিষিক্তকৰণৰ জৰিয়তে যৌন প্ৰজনন ক্ষমতাক সক্ষম কৰে। মগজুৰ পিটুইটাৰি গ্ৰন্থিৰ পৰা ৰাসায়নিক সংকেতৰ সঁহাৰি স্বৰূপে, ডিম্বাশয়ে এষ্ট্ৰোজেন প্ৰস্তুত কৰে যি শৰীৰৰ পৰিপক্বতা উদ্দীপিত কৰে, এই সমূহৰ ভিতৰত উচ্চতা আৰু ওজন বৃদ্ধি, শৰীৰৰ চুলিৰ বিকাশ, স্তনৰ বিকাশ আৰু ঋতুস্ৰাৱৰ আৰম্ভণি আদি পৰিৱৰ্তন সমূহ সাধাৰণতে ১২-১৩ বছৰ বয়সৰ ভিতৰত আৰম্ভ হয়।
10
11
12
13
ডিম্বাশয়ে হৰমন প্ৰস্তুতৰ নিয়ন্ত্ৰক কাৰ্যৰ উপৰিও, স্ত্ৰী গেমেট প্ৰস্তুত কৰে যি পুৰুষ গেমেটৰ (শুক্ৰাণু) দ্বাৰা নিষিক্ত হ'লে, নতুন আনুবংশিক ব্যক্তি গঠন কৰে। জৰায়ু হৈছে বিকাশশীল ভ্ৰূণ আৰু পেশীৰ সুৰক্ষা আৰু প্ৰতিপালনৰ বাবে কোষকলা থকা এক অঙ্গ যাতে সন্তান জন্ম দিয়াৰ সময়ত ইয়াক নিষ্কাশন কৰিব পাৰি। যৌনসঙ্গম আৰু জন্মৰ সময়ত যোনিৰ ব্যৱহাৰ হয়, যদিও যোনি শব্দটো প্ৰায়ে মৌখিক ভাৱে ইংৰাজী ভাষাৰ ভালভাক (বা বাহ্যিক স্ত্ৰী জননাংগ) বুজাবলৈ ব্যৱহাৰ কৰা হয়
14
15
য'ত লেবিয়া, ভগাঙ্কুৰ আৰু স্ত্ৰী মূত্ৰনলী থাকে।
স্তনৰ গ্ৰন্থিবোৰ গাখীৰ উৎপাদন কৰিবলৈ এপোক্ৰিনসদৃশ গ্ৰন্থিৰ পৰা বিকশিত হোৱা বুলি ধাৰণা কৰা হয়, ই এক পুষ্টিকৰ নিঃসৰণ যি স্তন্যপায়ী প্ৰাণীৰ আটাইতকৈ স্বকীয় বৈশিষ্ট্য।
16
পৰিপক্ব মহিলাৰ ক্ষেত্ৰত স্তন সাধাৰণতে আন বেছিভাগ স্তন্যপায়ী প্ৰাণীতকৈ অধিক গুৰুত্বপূৰ্ণ; ই কেৱল গাখীৰ উৎপাদনৰ বাবেই প্ৰয়োজনীয় নহয়, স্তনৰ গুৰুত্ব আংশিকভাৱে যৌন বাছনিৰ এক উপাদান বুলিও ধাৰণা কৰা হয়। সাধাৰণতে ৪৯ ৰ পৰা ৫২ বছৰ বয়সৰ ভিতৰত এগৰাকী মহিলা ৰজোনিবৃত্তিত উপনীত হয়
17
18
, এয়া হৈছে মহিলাৰ জীৱন চক্ৰৰ এটা পৰ্যায় যেতিয়া ঋতুস্ৰাৱ স্থায়ীভাৱে বন্ধ হয়, আৰু তেওঁলোক সন্তান জন্ম দিবলৈ অক্ষম হৈ পৰে
19
উৰ্বৰাতাৰ হাৰ
সম্পাদনা কৰক
২০২০ চনৰ পিয়ল অনুসৰি দেশ ভেদে নাৰীৰ উৰ্বৰতাৰ হাৰ।
মুঠ উৰ্বৰতাৰ হাৰ
(টিএফআৰ) হৈছে এগৰাকী নাৰীয়ে জীৱনকালত জন্ম দিয়া শিশুৰ গড় সংখ্যা। এই হাৰ সমগ্ৰ পৃথিৱীত অঞ্চলভেদে যথেষ্ট পৃথক। ২০১৬ চনত, সৰ্বাধিক আনুমানিক টিএফআৰ আছিল নাইজাৰত (প্ৰতি গৰাকী মহিলাৰ বিপৰীতে জন্ম দিয়া শিশুৰ পৰিমাণ আছিল ৬.৬২ টা) আৰু এই সৰ্বনিম্ন আছিল ছিংগাপুৰত (০.৮২ শিশু/মহিলা)।
20
যদিও বেছিভাগ আফ্ৰিকাৰ উপ-চাহাৰা অঞ্চলৰ টিএফআৰ উচ্চ। এই উচ্চ হাৰে সম্পদৰ অভাৱৰ সমস্যাৰ সৃষ্টি কৰে আৰু অত্যধিক জনসংখ্যাত অৰিহণা যোগায়। বেছিভাগ পশ্চিমীয়া দেশত বৰ্তমান এক উপ প্ৰতিষ্ঠাপন উৰ্বৰতাৰ হাৰ প্ৰচলিত হৈছে যাৰ ফলত জনসংখ্যা ৰ বয়স বৃদ্ধি আৰু জনসংখ্যাৰ হাৰ হ্ৰাস কৰিছে।
পৃথিৱীৰ বহুতো ঠাইত, যোৱা কেইটামান দশকত পাৰিবাৰিক গাঁথনিৰ পৰিৱৰ্তন হৈছে। উদাহৰণ স্বৰূপে, পশ্চিমত জীৱন ধাৰণৰ ব্যৱস্থাৰ পৰা আঁতৰি যোৱাৰ এক প্ৰৱণতা আছে য'ত কেৱল মৌলিক পৰিয়ালৰটোহে অন্তৰ্ভুক্ত। ইয়াৰ উপৰি বৈবাহিক উৰ্বৰতাৰ পৰা অবৈবাহিক উৰ্বৰতালৈ যোৱাৰ আন এক প্ৰৱণতাও প্ৰচলিত। বিবাহ নোহোৱাকৈয়ে সম্পৰ্কত থকা প্ৰেমিকযুগলে সন্তান জন্ম দিয়া বা অবিবাহিত মহিলাই একক অভিভাৱকৰ দায়িত্ব পালনেৰে সন্তান জন্ম দিব পাৰে। পৃথিৱীৰ কিছুমান ঠাইত বিবাহৰ পূৰ্বে সন্তান জন্ম এক সাধাৰণ কথা আৰু ই সম্পূৰ্ণৰূপে গ্ৰহণ যোগ্য। অৱশ্যে আন কিছুমান ঠাইত এই ধাৰণাটো সামাজিক নিয়মৰ আধাৰত ধৰা নহয় আৰু অত্যন্ত কলঙ্কিত বিষয় বুলি মান্যতা প্ৰদান কৰা হয়। এনে অঞ্চলত অবিবাহিত মাতৃসকলে এই ক্ষেত্ৰত সামাজিক বৰ্জনৰ সন্মুখীন হয়, ইয়াৰ ভিতৰত পৰিয়ালৰ সদস্যৰ দ্বাৰা হিংসা, আনকি চৰম পৰ্যায়ত
সন্মান ৰক্ষাৰ্থে হত্যা
পৰ্যন্ত হোৱা দেখা যায়।
21
22
ইয়াৰ উপৰিও বহুতো দেশত বিবাহৰ পূৰ্বে যৌন সম্ভোগ অবৈধ। সেই সমূহৰ ভিতৰত আছে:
চৌদি আৰৱ
পাকিস্তান
23
আফগানিস্তান
24
25
ইৰাণ
25
কুৱেইট
26
মালদ্বীপ
27
মৰক্কো
28
ওমান
29
মৌৰিতানিয়া
30
, সংযুক্ত আৰৱ আমিৰাত,
31
32
চুদান
33
আৰু ইয়েমেন
34
সংস্কৃতি ভেদে
মাতৃ
ৰ সামাজিক ভূমিকাও পৃথক পৃথক। পৃথিৱীৰ বহুতো ঠাইত, নিৰ্ভৰশীল সন্তান থকা মহিলাসকল ঘৰতে থাকিব আৰু তেওঁলোকৰ সকলো শক্তি সামৰ্থ্য শিশু প্ৰতিপালনৰ বাবে সমৰ্পিত কৰিব বুলি আশা কৰা হয়, আনহাতে আন কোনো কোনো ঠাইত মাতৃসকল প্ৰায়ে মজুৰী ভিত্তিক কামলৈ উভতি আহে।
সন্তান জন্মৰ অধিকাৰ আৰু স্বাধীনতা
সম্পাদনা কৰক
প্ৰজনন অধিকাৰ হৈছে প্ৰজনন আৰু প্ৰজনন স্বাস্থ্যসম্পৰ্কীয় আইনী অধিকাৰ আৰু স্বাধীনতা। ইণ্টাৰনেচনেল ফেডাৰেচন অফ গাইনোকোলজী এণ্ড অবষ্টেট্ৰিস্কৰ মতে:
35
(...) জোৰ-জুলুম, পক্ষপাতিত্ব আৰু হিংসাৰহিতভাৱে যৌন আৰু প্ৰজনন স্বাস্থ্যকে ধৰি নিজৰ যৌনতা সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত নিয়ন্ত্ৰণ আৰু মুক্ত তথা দায়বদ্ধভাৱে সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰো নাৰীৰ মানৱাধিকাৰৰ ভিতৰুৱা। নাৰী আৰু পুৰুষৰ মাজত যৌন সম্পৰ্ক তথা প্ৰজননৰ বিষয়ত সমান সম্পৰ্কৰ বাবে, ব্যক্তিগৰাকীৰ অখণ্ডতাৰ প্ৰতি পূৰ্ণ সন্মানকে ধৰি, পৰস্পৰ সন্মান, সন্মতি আৰু যৌন আচৰণ তথা ইয়াৰ পৰিণতিসমূহৰ বাবে ভগাই লোৱা দায়বদ্ধতাৰ প্ৰয়োজন।
বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২০১০ চনৰ পৰা ২০১৪ চনলৈ কেৱল তথ্যৰ ওপৰত ভিত্তি কৰি, প্ৰতি বছৰে বিশ্বজুৰি ৫৬ নিযুত প্ৰৰোচিত গৰ্ভপাত হৈছিল। সেইবোৰৰ ভিতৰত, প্ৰায় ২৫ নিযুত গৰ্ভপাত অসুৰক্ষিত বুলি গণ্য কৰা হৈছিল। বিশ্ব স্বাস্থ্য সংস্থাই প্ৰতি ১০০,০০০ অসুৰক্ষিত গৰ্ভপাতৰ বাবে বিকশিত অঞ্চলত প্ৰায় ৩০ গৰাকী মহিলাৰ আৰু বিকাশশীল অঞ্চলবোৰত ২২০ গৰাকী মহিলাৰ মৃত্যু হোৱাৰ বিপৰীতে উপ-চাহাৰা আফ্ৰিকাত প্ৰতি ১০০,০০০ অসুৰক্ষিত গৰ্ভপাতত ৫২৯ গৰাকী মাতৃৰ মৃত্যু হয় বুলি প্ৰতিবেদনত প্ৰকাশ কৰিছিল। বিশ্ব স্বাস্থ্য সংস্থাই এই মৃত্যুৰ কাৰণবোৰ ভিতৰত উল্লেখ কৰিছে:
প্ৰতিবন্ধক আইন
সেৱাৰ দুৰ্বল উপলব্ধতা
ব্যয়বহুলতা
কলংকৰ ভয়
স্বাস্থ্য-যত্ন প্ৰদানকাৰীসকলৰ বিবেকবান আপত্তি জনক পৰামৰ্শ, বিভ্ৰান্তিকৰ তথ্যৰ ব্যৱস্থা, তৃতীয় পক্ষৰ অনুমোদন, আৰু চিকিৎসাগতভাৱে অপ্ৰয়োজনীয় পৰীক্ষা।
36
লিংগ ভূমিকা
সম্পাদনা কৰক
শিশুৰ সৈতে পাকঘৰত খাদ্য প্ৰস্তুত কৰণত ব্যস্ত এগৰাকী অসমীয়া নাৰী।
খেতি পথাৰত ব্যস্ত এগৰাকী মহিলা
শেহতীয়াকৈ সমগ্ৰ বিশ্বত লিংগ ভূমিকাৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে। ইতিহাসৰ আগৰ কিছুমান বিন্দুত, কম বয়সৰ পৰা আৰম্ভ হোৱা শিশুৰ বৃত্তিগত আকাংক্ষা লিংগ অনুসৰি পৃথক আছিল।
37
বৰ্তমান সময়ত কৰ্মৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰত নাৰীৰ ভূমিকাই প্ৰসাৰতা লাভ কৰিছে। খেলৰ জগত খনটো নাৰীৰ অৱদান কম নহয়। বিশ্বৰ প্ৰায় সৰহ সংখ্যক নাৰীৰ সাধাৰণ কাম হৈছে পৰিয়াল পৰিচালনাত ঘৰুৱা কাম আদি কৰা, খাদ্য ৰন্ধা, কেঁচুৱা জন্মদিয়া আৰু প্ৰতিপাল কৰা আদি। ব্যক্তিৰ আৱেগ, কৰ্মক্ষেত্ৰ, ঘৰ, দৈহিক উপস্থাপন, ইত্যাদিৰ ক্ষেত্ৰত সমাজত প্ৰায়ে কিছুমান দৃঢ়বদ্ধতা প্ৰচলিত হৈ আছে। এইবোৰে নাৰী-পুৰুষৰ অধিকাৰক খৰ্ব কৰে। ভাৰতৰ দৰে পুৰুষ প্ৰধান সমাজ ব্যৱস্থাটো পূৰ্বতে সমাজৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰত নাৰীৰ বিপৰীতে পুৰুষৰ উপস্থিতিক অগ্ৰাধিকাৰ দিয়া হৈছিল। বিশ্বৰ বিভিন্ন প্ৰান্তত ভোট দানৰ অধিকাৰৰ ক্ষেত্ৰটো নাৰীয়ে সংগ্ৰাম কৰিব লগা হৈছে। কৰ্মক্ষেত্ৰত কেৱল লিংগ পাৰ্থক্যৰ বাবেই মজুৰীৰ ক্ষেত্ৰটো নাৰী পুৰুষৰ সমতাক অস্বীকাৰ কৰা হয়।
২০১৩ বৰ্ষত ভাৰতত লিংগ অনুসৰি মজুৰিৰ ব্যৱধান ২৪.৮১% বুলি অনুমান কৰা হৈছিল।
38
লগতে অৰ্থনীতিত মহিলাৰ অংশগ্ৰহণৰ স্তৰ বিশ্লেষণ কৰোঁতে এই প্ৰতিবেদনে ভাৰতক বিশ্বৰ ভিতৰত তালিকাৰ তলৰ ১০খন দেশৰ ভিতৰত অন্যতম হিচাপে স্থান দিছে। মজুৰি লাভ কৰা শ্ৰমিক সকলৰ মাজত মহিলাৰ অংশগ্ৰহণৰ হাৰ সাধাৰণতে কম। তেওঁলোকৰ অংশগ্ৰহণ মুখ্যতঃ কৃষি খণ্ডৰ গ্ৰাম্য এলেকাত কেন্দ্ৰীভূত হয়। উত্তৰ ভাৰতৰ গ্ৰাম্য অঞ্চলত দেখা গৈছে যে লিংগৰ ভিত্তিত শ্ৰম বিভিন্ন ভাগত বিভক্ত কৰা হয়। কৃষিৰ কিছুমান কাৰ্যকলাপ বিশেষকৈ মহিলাসকলক আৱণ্টন কৰা হৈছে। কিছুমান কাম যেনে শস্য শুকোৱা আৰু সংৰক্ষণ কৰা আদি মহিলাৰ দ্বাৰা আনহাতে অন্যান্য কাম যেনে হাল বোৱা আৰু শস্য চলোৱা কেৱল পুৰুষৰ দ্বাৰা কৰা হয়।
39
40
এয়া কেৱল অগ্ৰাধিকাৰ আৰু আধিপত্য নহয়। ব্যক্তিগত সেৱা আৰু যত্নৰ কামৰ সৈতে জড়িত খণ্ডবোৰত ভাৰতত মহিলা শ্ৰমিকৰ অংশগ্ৰহণ অধিক হোৱা দেখা গৈছে। অনানুষ্ঠানিক ক্ষেত্ৰত বিশেষকৈ কৃষিক্ষেত্ৰতো মহিলাৰ অংশগ্ৰহণ অধিক।
ফেশ্বন, ড্ৰেচিং ক'ড
সম্পাদনা কৰক
বিভিন্ন সংস্কৃতিত থকা পোছাকৰ ভিন্নতা। বাওঁফালৰ পৰা ক্ৰমে
বোৰ্খা
পিন্ধা আফগান মহিলা,
কিমোনো
ৰ পোছাক পিন্ধা জাপানী মহিলা, আৰু সাধাৰণ টেংক টপ আৰু মিনিস্কাৰ্ট পৰিহিতা জাৰ্মান মহিলা।
পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলে বিভিন্ন ধৰণে পোছাক পৰিধান কৰে, তেওঁলোকৰ পোছাকৰ পছন্দবোৰ স্থানীয় সংস্কৃতি, ধৰ্মীয় নীতি, পৰম্পৰা, সামাজিক নিয়ম আৰু ফেশ্বনৰ প্ৰৱণতাৰ দ্বাৰা প্ৰভাৱিত হয়। শালীনতা সম্পৰ্কে বিভিন্ন সমাজৰ বিভিন্ন ধাৰণা আছে। অৱশ্যে অধিকাৰৰ ক্ষেত্ৰত বিশেষকৈ পোছাকৰ ক্ষেত্ৰত সকলো সমাজত মহিলাৰ পছন্দ স্বাধীন নহয়। আইনে তেওঁলোকে কি পিন্ধিব পাৰে বা কি পিন্ধিব নোৱাৰে সম্পৰ্কীয় কিছুমান প্ৰতিবন্ধকতা আৰোপ কৰে। এইটো বিশেষকৈ ইছলামিক পোছাকৰ ক্ষেত্ৰত চৰ্চিত। যদিও কিছুমান অধিকাৰ ক্ষেত্ৰই আইনীভাৱে এনে সম্পূৰ্ণ আবুৰতা প্ৰদান কৰা পোছাক বাধ্যতামূলক কৰে, আন কিছুমান দেশত ৰাজহুৱা স্থানত হিজাব জাতীয় পোছাক (যেনে বোৰ্খা/মুখ ঢাকি ৰখা) পিন্ধাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আছে। এনে নিষেধাজ্ঞা থকা এখন দেশ হৈছে ফ্ৰান্স। এই ধৰণৰ পোছাকৰ ক্ষেত্ৰত থকা বাধ্যতামূলক তথা নিষিদ্ধ কৰা আইন- দুয়োটাই অত্যন্ত বিতৰ্কিত।
41
শিক্ষা
সম্পাদনা কৰক
গুইনিয়াৰ ছাত্ৰী।
একক-লিংগ শিক্ষা পৰম্পৰাগতভাৱে প্ৰভাৱশালী আৰু এতিয়াও যথেষ্ট প্ৰাসংগিক। সৰ্বজনীন শিক্ষা, অৰ্থাৎ লিংগৰ পাৰ্থক্যৰ পৰা স্বতন্ত্ৰ ৰাজ্যিক শিক্ষা ব্যৱস্থা যেনে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা, এতিয়াও বিশ্বব্যাপী প্ৰচলিত হোৱা নাই, বেছিভাগ উন্নত দেশতহে এই ব্যৱস্থাই প্ৰসাৰতা লাভ কৰিছে। কিছুমান পশ্চিমীয়া দেশত, মহিলাসকলে শিক্ষাৰ বিভিন্ন স্তৰত পুৰুষক অতিক্ৰম কৰিছে। উদাহৰণ স্বৰূপে, ২০০৫/২০০৬ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত, মহিলাসকলে সহযোগী ডিগ্ৰীৰ ৬২%, স্নাতক ডিগ্ৰীৰ ৫৮%, স্নাতকোত্তৰ ডিগ্ৰীৰ ৬০% আৰু ডক্টৰেটৰ ৫০% অৰ্জন কৰিছিল।
42
43
পুৰুষৰ তুলনাত মহিলাৰ বাবে বিশ্বসাক্ষৰতা কম। চি.আই.এ. ৱৰ্ল্ড ফেক্টবুকে ২০১০ চনৰ পৰা এক প্ৰতিবেদন প্ৰকাশ কৰিছে। সেই অনুসৰি ৮০% মহিলা পুৰুষৰ ৮৮.৬% বিপৰীতে স্বাক্ষৰ(১৫ বছৰ বা অধিক বয়সৰ)। দক্ষিণ আৰু পশ্চিম এছিয়াত, আৰু চাব-চাহাৰা আফ্ৰিকাৰ কিছু অংশত সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন।
44
বিজ্ঞান শিক্ষাত নাৰী
সম্পাদনা কৰক
পদাৰ্থবিদ্যা আৰু ৰসায়নশাস্ত্ৰত অসামান্য অংশগ্ৰহণেৰে
মেৰী কুৰী
সমগ্ৰ বিশ্বত পৰিচিত।
ঐতিহাসিকভাবেই নাৰীক গৃহপ্ৰকোষ্ঠে আবদ্ধ ৰাখা হৈছিল। পৰিয়ালৰ দ্বাৰা এওঁলোকক বিজ্ঞান চৰ্চাত অংশগ্ৰহণৰ বাবে উদ্বুদ্ধ কৰা নহৈছিল।
মাৰ্কিন যুক্তৰাষ্ট্ৰ
ত ১৯২৩ চনত সম অধিকাৰ আইন গৃহীত হোৱাৰ পিছত নাৰীসকলক উল্লেখযোগ্য হাৰত বিজ্ঞান বিষয়ত অংশগ্ৰহণ কৰা দেখা যায়। কিন্তু বিজ্ঞানৰ জগতত অংশগ্ৰহণৰ হাৰ প্ৰযুক্তি বিদ্যাৰ তুলনাত নিম্নমুখী। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাত ডক্টৰেট গ্ৰহণৰ সংখ্যা ১৯৭০ চনৰ ৭%ৰ পৰা ১৯৮৫ চনত ৩৪%লৈ বৃদ্ধি পায়। সেইদৰে প্ৰযুক্তি বিদ্যাত স্নাতক ডিগ্ৰীধাৰীৰ সংখ্যা ১৯৭৫ চনত আছিল মাত্ৰ ৩৮৫ জন, বিপৰীতে ১৯৮৫ চনত এই সংখ্যাই ১১০০০ ক অতিক্ৰম কৰে। শিক্ষাক্ষেত্ৰত আইনৰ মাধ্যমেৰে নাৰীসকল সংযোগ কৰিলেও বৰ্তমানো নাৰী-পুৰুষৰ শিক্ষাৰ হাৰৰ ক্ষেত্ৰত অসমতা বিৰাজমান।
বিশ্ববিদ্যালয়
পৰ্যায়ত ১৯৮৯ চনত বিজ্ঞানী হিচাপে
পুৰুষৰ
অংশগ্ৰহণ আছিল ৬৫% আৰু নাৰীৰ অংশগ্ৰহণ আছিল ৪০%। যিসময়ত পূৰ্ণাঙ্গকালীন এজন পুৰুষ বিজ্ঞানীৰ বাৰ্ষিক আয় $৪৮,০০০ আছিল; সেই সময়ত মহিলা বিজ্ঞানীৰ
আয়
আছিল $৪২,০০০।
45
ধৰ্ম
সম্পাদনা কৰক
নিৰ্দিষ্ট ধৰ্মীয় মতবাদবোৰত লিংগ ভূমিকা, লিংগৰ মাজত সামাজিক আৰু ব্যক্তিগত বাৰ্তালাপ, মহিলাৰ বাবে উপযুক্ত পোছাক পৰিধান, আৰু মহিলা আৰু সমাজত তেওঁলোকৰ স্থিতি প্ৰভাৱিত কৰা আন বিভিন্ন বিষয়ৰ সৈতে সম্পৰ্কিত নিৰ্দিষ্ট চৰ্তাৱলী আছে। বহুতো দেশত, এই ধৰ্মীয় শিক্ষাবোৰে ফৌজদাৰী আইন, বা সেই অধিকাৰক্ষেত্ৰৰ পাৰিবাৰিক আইনক প্ৰভাৱিত কৰে। ধৰ্ম, আইন আৰু লিংগ সমতাৰ মাজৰ সম্পৰ্কক আন্তৰ্জাতিক সংগঠনবোৰে আলোচনা কৰিছে।
46
নাৰীৰ স্থিতি সম্পৰ্কত শাস্ত্ৰকে আদি কৰি হিন্দুধৰ্মৰ বিভিন্ন গ্ৰন্থত পৰস্পৰ সামঞ্জস্য নথকা দৃষ্টিভংগী পোৱা যায়। ইয়াৰে কোনো গ্ৰন্থত নাৰীক সৰ্বোচ্চ নেতৃত্বৰ স্থান দিয়াৰ বিপৰীত অন্য কিছু গ্ৰন্থত লিংগৰ ভিত্তিত ব্যক্তিৰ ভূমিকাৰ সীমাবদ্ধতাৰ বিষয়ে কোৱা হৈছে।
ঋকবেদ
ৰ দেৱী সূক্তত নাৰীশক্তিক সকলো পদাৰ্থ আৰু সংজ্ঞাৰ সৃষ্টিকাৰী, চিৰন্তন আৰু অসীম, আধ্যাত্মিক আৰু অভিজ্ঞতামূলক বাস্তৱতা অৰ্থাৎ ব্ৰহ্ম, সকলোৰে আত্মা তথা ব্ৰহ্মাণ্ডৰ সাৰ বুলি কোৱা হৈছে।
47
48
কিছুসংখ্যক হিন্দু উপনিষদ, শাস্ত্ৰ আৰু পুৰাণ, বিশেষকৈ দেৱী উপনিষদ, দেৱী মাহাত্ম্য আৰু দেৱী-ভাগৱত পুৰাণৰ মতে নাৰীক সৰ্বশক্তিমান বুলি চিহ্নিত কৰা হৈছে।
49
50
51
হিন্দু ধৰ্ম মতে নাৰী তিন প্ৰকাৰৰ: পদ্মিনী, সঙ্খিনী আৰু হস্তিনী।
লিংগ প্ৰতীক
সম্পাদনা কৰক
ভেনাছ প্ৰতীক।
শুক্ৰ গ্ৰহ
, দেৱী ভেনাছ বা গ্ৰীকসকলৰ
এফ্ৰোডাইটি
ক চিহ্নিত কৰা গ্লিফ চিহ্ন(♀) টোৰে জীৱবিজ্ঞানত স্ত্ৰীলিংগ বুজোৱা হয়।
52
53
54
প্ৰাচীন ধাতুবিদ্যাত ভেনাছৰ চিহ্নটো তামৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল আৰু ই নাৰীত্বৰ সৈতে জড়িত আছিল।
54
নাৰীত্ব
সম্পাদনা কৰক
নাৰীত্ব হৈছে সাধাৰণতে মহিলা আৰু ছোৱালীৰ সৈতে সম্পৰ্কিত গুণাগুণ, আচৰণ, আৰু ভূমিকাৰ এক সংহতি। নাৰীত্বৰ ধাৰণাটো সামাজিকভাৱে নিৰ্মাণ কৰা হয়
55
যদিও নাৰীসুলভ বুলি গণ্য কৰা কিছুমান আচৰণ জৈৱিকভাৱে প্ৰভাৱিত হয়।
55
56
57
58
নাৰীত্ব কিমান পৰিমাণে জৈৱিক বা সামাজিকভাৱে প্ৰভাৱিত হয় সেয়া বিতৰ্কৰ অধীন।
57
56
58
ই জৈৱিক স্ত্ৰী লিংগৰ সংজ্ঞাৰ পৰা পৃথক,
59
60
কিয়নো পুৰুষ আৰু মহিলা উভয়ে নাৰীসুলভ বৈশিষ্ট্য প্ৰদৰ্শন কৰিব পাৰে।
ইতিহাস
সম্পাদনা কৰক
যিসকল প্ৰাচীন নাৰীৰ নাম জনা যায় তেওঁলোকৰ ভিতৰত আছে:
নৰ্মৰৰ পত্নী আৰু
প্ৰাচীন ইজিপ্ত
ৰ প্ৰথম ৰাণী
নেইথোটেপ
(প্ৰায় ৩২০০ খ্ৰীষ্টপূৰ্ব)।
61
62
প্ৰথম ৰাজবংশৰ সময়ত প্ৰাচীন ইজিপ্তৰ ৰাণী আৰু ৰিজেণ্ট
মাৰ্নিথ
(প্ৰায় ৩০০০ খ্ৰীষ্টপূৰ্ব)। তেওঁ নিজ অধিকাৰৰ বলত ইজিপ্তৰ শাসক হোৱা প্ৰথম মহিলা।
63
64
মেধা-পটাহ
(প্ৰায় ২৭০০ খ্ৰীষ্টপূৰ্ব), তেওঁ ইজিপ্তৰ বাসিন্দা আছিল আৰু আটাইতকৈ প্ৰাচীন মহিলা চিকিৎসক আৰু বিজ্ঞানী।
65
প্ৰাচীন ইজিপ্তৰ এগৰাকী চিকিৎসক
পেচেশ্বেট
(প্ৰায় ২৬০০ খ্ৰীষ্টপূৰ্ব)।
66
67
পুয়াবি
(প্ৰায় ২৬০০ খ্ৰীষ্টপূৰ্ব) বা
শুবাদ
– উৰিমৰ ৰাণী। তেওঁৰ সমাধিত বহুতো ব্যয়বহুল শিল্প সামগ্ৰী উদ্ধাৰ কৰা হৈছিল। উৰিমৰ পৰিচিত আন আন ৰাজকীয় ৰাণীসকলৰ ভিতৰত আছে আচুচিকিলডিগিৰ, নিনবান্দা, আৰু গানচামান্নু।
68
কুগবাউ
(প্ৰায় ২৫০০ খ্ৰীষ্টপূৰ্ব), নিপপুৰ পুৰোহিতত্ত্বৰ দ্বাৰা সুমেৰৰ আধিপত্যবাদী শাসক হোৱাৰ বাবে বাছনি কৰা কিছৰ পৰা অহা এগৰাকী শাসক। পিছৰ যুগত তেওঁক "কুবাবা" হিচাপে বিকৃত কৰা হৈছিল।
তাছলুলটুম
(প্ৰায় ২৪০০ খ্ৰীষ্টপূৰ্ব), আক্কাদিয়ান ৰাণী, আক্কাদৰ চাৰ্গনৰ পত্নী আৰু এনহেদুয়ান্নাৰ মাতৃ।
69
70
বৰনামতাৰ
(প্ৰায় ২৩৮৪ খ্ৰীষ্টপূৰ্ব), লগশৰ লুগালাণ্ডাৰ বিশিষ্ট আৰু প্ৰভাৱশালী ৰাণী। প্ৰথম লাগাছ ৰাজবংশৰ অন্যান্য পৰিচিত ৰাজকীয় ৰাণীসকলৰ ভিতৰত আছে মেনবাৰা-আবজু, আচুমে'ৰেন, নিনখিলিচুগ, ডিমটুৰ আৰু শাগচাগ, আৰু কেইবাগৰাকী ৰাজকুমাৰীৰ নামো জনা যায়।
এনহেদুয়ান্না
(প্ৰায় ২২৮৫ খ্ৰীষ্টপূৰ্ব),
71
72
উৰিম সুমেৰিয়ান চহৰৰ চন্দ্ৰ দেৱতাৰ মন্দিৰৰ মুখ্যপুৰোহিতসকল। সম্ভৱতঃ প্ৰথম জনাজাত কবি আৰু লিংগ নিৰ্বিশেষে প্ৰথম নাম উল্লেখ থকা লেখক।
73
শিবতু
(প্ৰায় ১৭৭৫ খ্ৰীষ্টপূৰ্ব), ৰজা জিমৰিলিমৰ সহধৰ্মিনী আৰু চিৰিয়াৰ মহানগৰ মাৰিৰ ৰাণী। স্বামীৰ অনুপস্থিতিৰ সময়ত তেওঁ মাৰিৰ ৰিজেণ্ট হিচাপে শাসন কৰিছিল আৰু ৰাণী হিচাপে ব্যাপক প্ৰশাসনিক ক্ষমতা উপভোগ কৰিছিল।
74
তথ্যসূত্ৰ
সম্পাদনা কৰক
Mosby's Pocket Dictionary of Medicine, Nursing & Health Professions - E-Book
Elsevier Health Sciences
. 2009. পৃষ্ঠা. 1453.
ISBN
978-0323066044
Taber's Cyclopedic Medical Dictionary
F.A. Davis
. 2017. পৃষ্ঠা. 2539.
ISBN
978-0803659407
"Definition of girl noun from the Oxford Advanced Learner's Dictionary"
. Oxford learner’s Dictionary
"Standards of Care for the Health of Transsexual, Transgender, and Gender Nonconforming People (version 7)"
. The World Professional Association for Transgender Health. পৃষ্ঠাসমূহ: 95–96. Archived from
the original
on 2014-09-24
। আহৰণ কৰা হৈছে: 2021-09-28
Alleyne, Richard (2010-06-13).
"Girls now reaching puberty before 10 – a year sooner than 20 years ago"
(en-GB ভাষাত).
Daily Telegraph
ISSN
0307-1235
Used in Middle English from c. 1300, meaning 'a child of either sex, a young person'. Its derivation is uncertain, perhaps from an Old English word which has not survived: another theory is that it developed from Old English 'gyrela', meaning 'dress, apparel': or was a diminutive form of a borrowing from another West Germanic Language. (Middle Low German has Gör, Göre, meaning 'girl or small child'.) "girl, n.". OED Online. September 2013. Oxford University Press. 13 September 2013
By late 14th century a distinction was arising between female children, often called 'gay girls'  – and male, or 'knave girls' -: a1375 William of Palerne (1867) l. 816 ' Whan þe gaye gerles were in-to þe gardin come, Faire floures þei founde.' ('When the gay girls came into the garden, Fair flowers they found.') By the 16th century, the unsupported word had begun to mean specifically a female: 1546 J. Heywood Dialogue Prouerbes Eng. Tongue i. x. sig. D, 'The boy thy husbande, and thou the gyrle his wyfe.' The usage meaning 'child of either sex' survived much longer in
Irish English
. "girl, n.". OED Online. September 2013. Oxford University Press. 13 September 2013
Hake, Laura; O'Connor, Clare (2008).
"Genetic Mechanisms of Sex Determination"
Nature Education
Scitable
। আহৰণ কৰা হৈছে: August 23, 2019
Differences, Institute of Medicine (US) Committee on Understanding the Biology of Sex and Gender; Wizemann, Theresa M.; Pardue, Mary-Lou (2001) (en ভাষাত).
Sex Begins in the Womb
. National Academies Press (US)
. "All human individuals—whether they have an XX, an XY, or an atypical sex chromosome combination—begin development from the same starting point. During early development the gonads of the fetus remain undifferentiated; that is, all fetal genitalia are the same and are phenotypically female. After approximately 6 to 7 weeks of gestation, however, the expression of a gene on the Y chromosome induces changes that result in the development of the testes. Thus, this gene is singularly important in inducing testis development. The production of testosterone at about 9 weeks of gestation results in the development of the reproductive tract and the masculinization (the normal development of male sex characteristics) of the brain and genitalia. In contrast to the role of the fetal testis in differentiation of a male genital tract and external genitalia in utero, fetal ovarian secretions are not required for female sex differentiation."
(Tanner, 1990).
"Relative weight and race influence average age at menarche: results from two nationally representative surveys of US girls studied 25 years apart".
Pediatrics
খণ্ড
111
(4 Pt 1): 844–50. April 2003.
doi
10.1542/peds.111.4.844
PMID
12671122
"Age at menarche in Canada: results from the National Longitudinal Survey of Children & Youth"
BMC Public Health
খণ্ড
10
: 736. 2010.
doi
10.1186/1471-2458-10-736
PMID
21110899
Hamilton-Fairley, Diana.
Obstetrics and Gynaecology
(Second সম্পাদনা). Blackwell Publishing. Archived from
the original
on 2018-10-09
। আহৰণ কৰা হৈছে: 2021-09-29
Human Sexuality: Personality and Social Psychological Perspectives
Springer Science & Business Media
. 2012. পৃষ্ঠা. 175.
ISBN
978-1468436563
Psychopathology in Women: Incorporating Gender Perspective into Descriptive Psychopathology
Springer
. 2014. পৃষ্ঠা. 250.
ISBN
978-3319058702
. "In addition, there is a current lack of appropriate vocabulary to refer to the external female genitals, using, for example, 'vagina' and 'vulva' as if they were synonyms, as if using these terms incorrectly were harmless to the sexual and psychological development of women.'"
Oftedal, Olav T. (2002). "The mammary gland and its origin during synapsid evolution".
Journal of Mammary Gland Biology and Neoplasia
খণ্ড
(3): 225–252.
doi
10.1023/a:1022896515287
PMID
12751889
"Menopause: Overview"
. Eunice Kennedy Shriver National Institute of Child Health and Human Development. 2013-06-28
। আহৰণ কৰা হৈছে: 8 March 2015
"Menopause: Overview"
. PubMedHealth. 29 August 2013
। আহৰণ কৰা হৈছে: 8 March 2015
"Menopause".
The Medical Clinics of North America
খণ্ড
99
(3): 521–34. May 2015.
doi
10.1016/j.mcna.2015.01.006
PMID
25841598
"The World Factbook  — Central Intelligence Agency"
. Archived from
the original
on 2009-10-28
। আহৰণ কৰা হৈছে: 2021-09-29
"RRT Research Response"
. Refugee Review Tribunal Australia. 2013-05-01. Archived from
the original
on 2013-05-01
। আহৰণ কৰা হৈছে: 2019-06-28
"Turkey condemns 'honour killings'"
BBC News
. 1 March 2004
"Human Rights Voices  – Pakistan, August 21, 2008"
. Eyeontheun.org. Archived from
the original
on January 21, 2013
। আহৰণ কৰা হৈছে: September 29, 2021
"Home"
. AIDSPortal. Archived from
the original
on 2008-10-26
। আহৰণ কৰা হৈছে: 2021-09-29
25.0
25.1
"Iran"
. Travel.state.gov. Archived from
the original
on 2013-08-01
। আহৰণ কৰা হৈছে: 2021-09-29
"United Nations Human Rights Website  – Treaty Bodies Database  – Document  – Summary Record  – Kuwait"
. Unhchr.ch
"Culture of Maldives  – history, people, clothing, women, beliefs, food, customs, family, social"
. Everyculture.com
Fakim, Nora (9 August 2012).
"BBC News  – Morocco: Should pre-marital sex be legal?"
BBC
"Legislation of Interpol member states on sexual offences against children  – Oman"
. Interpol. Archived from
the original
on 16 May 2016
। আহৰণ কৰা হৈছে: 29 September 2021
"2010 Human Rights Report: Mauritania"
. State.gov. 8 April 2011
Dubai FAQs.
"Education in Dubai"
. Dubaifaqs.com
Judd, Terri (10 July 2008).
"Briton faces jail for sex on Dubai beach  – Middle East  – World"
The Independent
(London)
"Sudan must rewrite rape laws to protect victims"
Reuters
. 28 June 2007
United Nations High Commissioner for Refugees.
"Refworld | Women's Rights in the Middle East and North Africa  – Yemen"
. UNHCR
"Resolution on Reproductive and Sexual Health | International Federation of Gynecology and Obstetrics"
. Figo.org. Archived from
the original
on 2014-02-23
। আহৰণ কৰা হৈছে: 2014-04-19
"Preventing unsafe abortion"
. World Health Organization
। আহৰণ কৰা হৈছে: August 24, 2019
Sharpe, S. (1976).
Just like a Girl
. প্ৰকাশক London: Penguin.
ISBN
9780140219531
"Gender Pay Gap in the Formal Sector: 2006 - 2013(September, 2013)"
. Wage Indicator Data Report. Archived from
the original
on 2023-09-16
। আহৰণ কৰা হৈছে: 2021-09-29
Martha C. Nussbaum, Jonathan Glover, Martha Chen (1995).
Women, Culture, and Development: A Study of Human Capabilities
. Clarendon Press.
ISBN
9780191521751
Dewan, Sabina (2014).
"Closing the Gender wage gap in Indian Agriculture"
. JustJobs Network. Archived from
the original
on 2021-10-03
। আহৰণ কৰা হৈছে: 2021-09-29
"Women's right to choose their dress, free of coercion"
Amnesty International
. 4 March 2011. Archived from
the original
on 27 September 2013
। আহৰণ কৰা হৈছে: 8 January 2014
"Historical summary of faculty, students, degrees, and finances in degree-granting institutions: Selected years, 1869-70 through 2005-06"
. Nces.ed.gov
। আহৰণ কৰা হৈছে: 2014-08-22
Eisenhart, A. Margaret; Finkel, Elizabeth (2001).
Women (Still) Need Not Apply:The Gender and Science Reader
. প্ৰকাশক New York: Routledge. পৃষ্ঠা. 13–23.
"The World Factbook"
. Cia.gov. Archived from
the original
on 2021-01-26
। আহৰণ কৰা হৈছে: 2014-04-19
Eisenhart and Finkel, Ch 1 inThe Gender and Science Reader ed. Muriel Lederman and Ingrid Bartsch. New York, Routledge, 2001. (16-17)
"United Nations News Centre — Harmful practices against women and girls can never be justified by religion – UN expert"
. Un.org. 2013-10-29
। আহৰণ কৰা হৈছে: 2014-04-19
McDaniel 2004
, পৃষ্ঠা. 90.
Brown 1998
, পৃষ্ঠা. 26.
McDaniel 2004
, পৃষ্ঠা. 90-92.
C. Mackenzie Brown (1990), The Triumph of the Goddess, State University of New York Press, ISBN, page 77
Thomas Coburn (2002), Devī Māhātmya: The Crystallization of the Goddess Tradition, Motilal Banarsidass,
আই.এচ.বি.এন.
978-8120805576
, pages 138, 303-309
Fadu, Jose A., ed (2014).
Encyclopedia of Theory & Practice in Psychotherapy & Counseling
. LuLu Press. পৃষ্ঠা. 337.
ISBN
978-1312078369
Stearn, William T.
(May 1962).
"The Origin of the Male and Female Symbols of Biology"
Taxon
খণ্ড
11
(4): 109–113.
doi
10.2307/1217734
ISSN
0040-0262
. Archived from
the original
on 27 May 2023
। আহৰণ কৰা হৈছে: 19 July 2019
54.0
54.1
Schott, GD (December 2005).
"Sex symbols ancient and modern: their origins and iconography on the pedigree"
The BMJ
খণ্ড
331
(7531): 1509–10.
doi
10.1136/bmj.331.7531.1509
ISSN
0959-8138
PMID
16373733
55.0
55.1
Shehan, Constance L. (30 August 2018).
Gale Researcher Guide for: The Continuing Significance of Gender
ISBN
9781535861175
56.0
56.1
Lippa, Richard A. (6 May 2005).
Gender, Nature, and Nurture
ISBN
9781135604257
57.0
57.1
Masculinity and Femininity in the MMPI-2 and MMPI-A
ISBN
9781452900032
58.0
58.1
Wharton, Amy S. (4 February 2009).
The Sociology of Gender: An Introduction to Theory and Research
ISBN
9781405143431
"Gender, Equity and Human Rights"
Ferrante, Joan (January 2010). Sociology: A Global Perspective (7th ed.). Belmont, CA: Thomson Wadsworth. pp. 269–272.
ISBN 978-0-8400-3204-1
Aidan Dodson & Dyan Hilton (2004).
The Complete Royal Families of Ancient Egypt
. Thames & Hudson.
আই.এচ.বি.এন.
0-500-05128-3
J. Tyldesley,
Chronicle of the Queens of Egypt
, 2006, Thames & Hudson.
Wilkinson, Toby A.H.
(2001).
Early dynastic Egypt
(1 সম্পাদনা). Routledge. পৃষ্ঠা. 74.
ISBN
978-0-415-26011-4
সংযোগবিহীন উৎস
Aidan Dodson & Dyan Hilton (2004).
The Complete Royal Families of Ancient Egypt
. p. 140. Thames & Hudson.
আই.এচ.বি.এন.
0-500-05128-3
Merit-Ptah
at the University of Alabama.
Plinio Prioreschi,
A History of Medicine
, Horatius Press 1996, p. 334.
Lois N. Magner,
A History of Medicine
, Marcel Dekker 1992, p. 28.
Elisabeth Meier Tetlow (2004).
Women, Crime, and Punishment in Ancient Law and Society: The ancient Near East
Continuum International Publishing Group
. পৃষ্ঠা. 221.
ISBN
978-0-8264-1628-5
। আহৰণ কৰা হৈছে: 29 July 2011
Elisabeth Meier Tetlow (2004).
Women, Crime, and Punishment in Ancient Law and Society: The ancient Near East
Continuum International Publishing Group
ISBN
978-0-8264-1628-5
। আহৰণ কৰা হৈছে: 29 July 2011
Michael Roaf
(1992).
Mesopotamia and the ancient Near East
. Stonehenge Press.
ISBN
978-0-86706-681-4
। আহৰণ কৰা হৈছে: 29 July 2011
Samuel Kurinsky.
"Jewish Women Through The Ages  — The Proto-Jewess En Hedu'Anna, Priestess, Poet, Scientist"
. Hebrew History Federation
Jennifer Bergman (19 July 2001).
"Windows to the Universe"
. National Earth Science Teachers Associationwww.nestanet.org
J.M. Adovasio, Olga Soffer, Jake Page (2007).
The Invisible Sex: Uncovering the True Roles of Women in Prehistory
(1st Smithsonian Books সম্পাদনা). Smithsonian Books & Collins (Harper Collins Publishers). পৃষ্ঠা. 278–279.
ISBN
978-0-06-117091-1
Elisabeth Meier Tetlow (2004-12-28).
Women, Crime, and Punishment in Ancient Law and Society: The ancient Near East
Continuum International Publishing Group
. পৃষ্ঠা. 84.
ISBN
978-0-8264-1628-5
"ৰ পৰা অনা হৈছে
শ্ৰেণী
নাৰী
অদৃশ্য শ্ৰেণীসমূহ:
Pages containing cite templates with deprecated parameters
সংযোগবিহীন উৎস উল্লেখিত প্ৰবন্ধ
Pages using ISBN magic links
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ
নাৰী
বিষয় যোগ কৰক