এলবাৰ্ট আইনষ্টাইন - অসমীয়া ৱিকিপিডিয়া
সমললৈ যাওক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
এলবাৰ্ট আইনষ্টাইন
১৯২১ চনত আইনষ্টাইন
জন্ম
১৪ মাৰ্চ
, ১৮৭৯
উল্ম,
জাৰ্মানী
মৃত্যু
১৮ এপ্ৰিল
, ১৯৫৫ (৭৬ বছৰ)
প্ৰিন্সটন, নিউ জাৰ্ছি,
আমেৰিকা যুক্তৰাষ্ট্ৰ
বাসস্থান
জাৰ্মানী, ইটালী, চুইজাৰলেণ্ড,
আমেৰিকা যুক্তৰাষ্ট্ৰ
নাগৰিকত্ব
জাৰ্মানী (১৮৭৯-১৮৯৬)
ৰাষ্ট্ৰবিহিন (১৮৯৬-১৯০১)
চুইজাৰলেণ্ড (১৯০১-১৯৫৫)
অষ্ট্ৰীয়া (১৯১১-১৯১২)
জাৰ্মানী (১৯১৪-১৯৩৩)
আমেৰিকা যুক্তৰাষ্ট্ৰ
(১৯৪০-১৯৫৫)
ক্ষেত্ৰ
পদাৰ্থ বিজ্ঞান
কৰ্মস্থান
চুইজাৰলেণ্ড পেটেণ্ট অফিচ (বাৰ্ন)
জুৰিখ বিশ্ববিদ্যলয়
চাৰ্লচ বিশ্ববিদ্যালয়, পেৰু
চুইচ কেন্দ্ৰীয় অভিযন্ত্ৰিক প্ৰতিষ্ঠান,জুৰিখ
কাইজাৰ উইলহেল্ম প্ৰতিষ্ঠান
লাইদেন বিশ্ববিদ্যালয়
প্ৰিন্সটন গৱেষণা কেন্দ্ৰ
শিক্ষানুষ্ঠান
চুইচ কেন্দ্ৰীয় অভিযন্ত্ৰিক প্ৰতিষ্ঠান,জুৰিখ
জুৰিখ বিশ্ববিদ্যলয়
জনা যায়
আপেক্ষিকতাবাদ
আলোক-বিদ্যুত পৰিঘটনা
ভৰ-শক্তি সমতা
ব্ৰাউনীয় গতিৰ তত্ত্ব
উল্লেখনীয় বঁটা
পদাৰ্থ বিজ্ঞানৰ নোবেল (১৯২১)
মেট্টেউচি পদক (১৯২১)
পলে পদক (১৯২৫)
মেক্স প্লাংক পদক (১৯২৯)
দাম্পত্যসঙ্গী
মিলেভা মাৰিটচ্
(১৯০৩–১৯১৯)
এলছা লৱেন্থেল
(১৯১৯–১৯৩৬)
স্বাক্ষৰ
এলবাৰ্ট আইনষ্টাইন
ইংৰাজী
Albert Einstein
) (
[invalid input: 'icon']
ər
aɪ
aɪ
জাৰ্মান:
[ˈalbɐt ˈaɪnʃtaɪn]
শুনক
জাৰ্মানী
ৰ উইটেনবাৰ্গ অঞ্চলৰ উল্ম চহৰত ১৮৭৯ খৃষ্টাব্দৰ ১৪ মাৰ্চত জন্মগ্ৰহণ কৰা এজন তাত্ত্বিক
পদাৰ্থ বিজ্ঞানী
। তেওঁৰ
আপেক্ষিকতাবাদ তত্ত্ব
আধুনিক
পদাৰ্থ বিজ্ঞানৰ
ভেটিস্বৰূপ। তাত্ত্বিক পদাৰ্থবিদ্যালৈ অৱদান বিশেষকৈ
আলোক বিদ্যুৎ পৰিঘটনাৰ
বাবে ১৯২১ চনত তেওঁক পদাৰ্থবিজ্ঞানৰ
ন'বেল বঁটা
প্ৰদান কৰা হয়।
। এই আলোক বিদ্যুত পৰিঘটনাই পাচলৈ কোৱাণ্টাম তত্ত্বৰ সূচনা কৰে
উদ্ধৃতিৰ প্ৰয়োজন
আইনষ্টাইনে ভাবিছিল যে
নিউটনীয় বলবিদ্যা
ই ধ্ৰুপদী পদাৰ্থবিজ্ঞান আৰু বিদ্যুত চুম্বকীয় সূত্ৰসমূহৰ মাজত যোগসূত্ৰ স্থাপন কৰিবলৈ সক্ষম হোৱা নাই। সেয়ে তেওঁ
বিশেষ আপেক্ষিকতাবাদ তত্ত্ব
গঢ় দিয়ে। পাছলৈ তেওঁ
আপেক্ষিকতাবাদ সূত্ৰ
মহাকৰ্ষণীয় ক্ষেত্ৰৰ বাবেও প্ৰয়োগ কৰে আৰু ১৯১৬ চনত
সাধাৰণ আপেক্ষিকতাবাদ তত্ত্ব
প্ৰকাশ কৰে। কোৱাণ্টাম তত্ত্ব আৰু পাৰিসাংখ্যিক বলবিদ্যালৈ আইনষ্টাইনে আগবঢ়োৱা অৱদানৰ ভিতৰত কণিকা তত্ত্ব আৰু অণুৰ গতি উল্লেখযোগ্য।
১৯৩৩ চনত হিটলাৰে যেতিয়া
জাৰ্মানী
ত ক্ষমতা দখল কৰে আইনষ্টাইনে যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰি আছিল। সেই সময়ত বাৰ্লিন অকাদেমী অৱ ছায়েন্সৰ অধ্যাপক আইনষ্টাইন আৰু জাৰ্মানীলৈ ঘূৰি নগ'ল। তেওঁ যুক্তৰাষ্ট্ৰতে বসবাস কৰিবলৈ লয় আৰু ১৯৪০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহণ কৰে
। ২য় বিশ্বযুদ্ধৰ কালত আইনষ্টাইনৰ এখন চিঠিয়ে সেইসময়ৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ৰুজভেল্টক পৰমাণু অস্ত্ৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগ কৰে। আৰু এইদৰেই
মানহাট্টান প্ৰকল্প
ৰ সূচনা হয়। পাচলৈ হিৰোচিমা আৰু নাগাচাকিত আণৱিক বোমাৰ ভয়াৱহতা দেখি অনুশোচনাত ভোগে। আণৱিক বোমাৰ ভয়াৱহতাৰ বিষয়ে বৰ্ণনা কৰি লিখা ৰাছেল-আইনষ্টাইন ইস্তাহাৰত বাৰ্ট্ৰাণ্ড ৰাছেলৰ সৈতে তেওঁ স্বাক্ষৰ কৰে।
আইনষ্টাইনে প্ৰায় ৩০০ বৈজ্ঞানিক প্ৰবন্ধ আৰু প্ৰায় ১৫০ সাধাৰণ প্ৰবন্ধ ৰচনা কৰে।
চমু জীৱনী
সম্পাদনা কৰক
ল'ৰালিকাল আৰু শিক্ষা
সম্পাদনা কৰক
তিনি বছৰ বয়সত আইনষ্টাইন, ১৮৮২ চন
চৈধ্য বছৰ বয়সত আইনষ্টাইন, ১৮৯৩ চন
আইনষ্টাইনৰ স্কুলৰ চাৰ্টিফিকেট
১৮৭৯ চনৰ ১৪ মাৰ্চত সেইসময়ৰ জাৰ্মান সাম্ৰাজ্যৰ ওল্ম চহৰত এই মহান বিজ্ঞানীজনৰ জন্ম হয়।
আইনষ্টাইনৰ পিতৃ হাৰমেন আইনষ্টাইন আছিল এজন ব্যৱসায়ী। তেওঁৰ দেউতাকৰ এজন ইঞ্জিনিয়াৰ ভায়েক আছিল। এলবাৰ্টৰ দেউতাক আৰু এই খুৰাকজনে মিলি বৈদ্যুতিক আহিলাপাতি তৈয়াৰ কৰা কাৰখানা এটা চলাইছিল। কাৰখানাৰ কামৰ বাহিৰে আজৰি সময়খিনি খুৰাকে এলবাৰ্টৰ লগতে কটাইছিল-অংকৰ নানান খেলা কৰি। বয়স অলপ বুজন হোৱাৰে পৰা এলবাৰ্টেও খুৰাকৰ লগত এই অংকৰ খেলাত সমানে অংশ ল’ব পৰা হ’ল। এনেকৈয়ে নিচেই কম সময়তে এলবাৰ্টৰ মনত অংকৰ প্ৰতি এক গভীৰ অনুৰাগৰ সৃষ্টি হয়।
ইহুদীধৰ্মী আইনষ্টাইনসকল গোড়া নাছিল। ৫ বছৰ বয়সৰ পৰা আইনষ্টাইনে এখন কেথেলিক প্ৰাথমিক বিদ্যালয়ত ৩ বছৰ শিক্ষাগ্ৰহণ কৰে। ইয়াৰ পাচত তেওঁ লুইপ'ল্ড জিমনেচিয়ামত মাধ্যমিক শিক্ষাগ্ৰহণ কৰে।
এবাৰ দেউতাকে শিশু আইনষ্টাইনক এডাল চুম্বকশলা উপহাৰ দিছিল। তেওঁ এই কথা অনুভৱ কৰিব পাৰিছিল যে চৌদিশে শূন্য হ'লেও নিশ্চয় কিহবাই শলাডালক বান্ধি ৰাখিছে।
মিলানলৈ যাত্ৰা
সম্পাদনা কৰক
১৮৯৪ চনত এলবাৰ্টৰ দেউতাকৰ কাৰখানাটো বন্ধ হৈ যোৱাত নতুন ভাগ্যৰ সন্ধানত তেওঁলোকৰ পৰিয়াল
মিউনিখ
ৰ পৰা
ইটালি
ৰ মিলানলৈ যায়, তাৰ কিছুমাহৰ পিছত পাভিয়ালৈ গমন কৰে। তেতিয়া আইনষ্টাইনৰ বয়স আছিল ১৫ বছৰ। চুইজাৰলেণ্ডৰ জুৰিখত থকা এখন আন্তৰ্জাতিক নাম থকা পলিটেকনিক স্কুলত এলবাৰ্টে শিক্ষা গ্ৰহণ কৰে। এলবাৰ্টৰ পদাৰ্থ বিদ্যা আৰু অংকৰ প্ৰতি থকা গভীৰ অনুৰাগৰ বাবে একে শ্ৰেণীৰে মিলেভা মেৰিক লাহে লাহে এলবাৰ্টৰ প্ৰতি আকৃষ্ট হয়। স্কুলৰ শ্ৰেণীসমূহ শেষ হোৱাৰ পিছতো যথেষ্ট সময়লৈ এলবাৰ্ট আৰু মিলেভাই গৱেষণাগাৰত তেওঁলোকৰ পৰীক্ষা-নিৰীক্ষা চলাই গৈছিল।
বিবাহ
সম্পাদনা কৰক
১৯০৩ চনৰ জানুৱাৰী মাহত এলবাৰ্টে তেওঁৰ একালৰ স্কুলৰ লগৰী মিলেভা মেৰিকক
বিয়া
কৰায়। পিছে গৱেষণাগাৰৰ চাৰিবেৰৰ বাহিৰত যে তেওঁলোকৰ কোনো কথাতে মিল নাই সেইটো অতি সোনকালেই প্ৰকাশ পালে। ১৯১৪ চনৰ পৰা পাঁচ বছৰ বেলেগে বেলেগে থকাৰ পাছত ১৯১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। তাৰ কিছুদিন পিছতেই ১৯১৯ চনৰ ২ জুনত আইনষ্টাইনে এলছা লৱেন্থেল নামৰ এগৰাকী দূৰ সম্পৰ্কীয় মহিলাক বিয়া কৰায়। ১৯৩৬ চনৰ ডিচেম্বৰ মাহত এলছা আইনষ্টাইন মৃত্যু হয়।
কৰ্মজীৱন আৰু গৱেষণা
সম্পাদনা কৰক
পলিটেকনিকৰ পৰা পাছ কৰি এলবাৰ্টে বাৰ্ণ চহৰৰ এটা পেটেণ্ট অফিচত চাকৰি কৰি কৰ্মজীৱনৰ আৰম্ভণি কৰে। পেটেণ্ট অফিচত আইনষ্টাইনৰ বিশেষ ব্যস্ততা নাছিল। তেওঁৰ কামৰ ভিতৰত পৰিছিল কেৱল নতুন নতুন আৱিষ্কাৰ সমূহৰ তালিকা একোখন প্ৰস্তুত কৰি ৰখা। এই কাম কৰি তেওঁ অনেক আজৰি সময় পাইছিল। এই আজৰি সময়ত তেওঁ আত্মনিয়োগ কৰিছিল নিজৰ বৈজ্ঞানিক গৱেষণাত। ১৯০৫ চনত এলবাৰ্ট আইনষ্টাইনে পোহৰৰ উত্স আৰু পৰিৱৰ্তন সম্পৰ্কে এটি প্ৰবন্ধ প্ৰকাশ কৰে। এই নতুন তথ্য সম্বলিত প্ৰবন্ধটো প্ৰকাশ হোৱাৰ লগে লগে শিক্ষা জগতত এই বিষয়ে গভীৰ চিন্তা চৰ্চা হ’বলৈ ধৰে আৰু আইনষ্টাইনক
জুৰিখ বিশ্ববিদ্যালয়
ত অধ্যাপনা কৰিবৰ বাবে আমন্ত্ৰণ জনোৱা হয়। জুৰিখ বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপকৰ চাকৰিত অতি কম দৰ্মহাৰে তেওঁ বৰ কষ্টত চলিবলগীয়া হয়। আইনষ্টাইনে পিছৰ জীৱনত এইকেইটা দিনৰ কথা মনত পেলাই ৰসিকতা কৰি কৈছিল, “মই আপেক্ষিকতাবাদৰ গৱেষণা কালত অন্তৰীক্ষৰ প্ৰতিটো চুকতে একোটাকৈ ঘড়ী ওলোমাই লৈছিলোঁ; কিন্তু প্ৰকৃতপক্ষে মোৰ কোঠাটোৰ বাবে
ঘড়ী
এটা মই যোগাৰ কৰিব নোৱাৰিছিলোঁ। ”
১৯১১ চনত তেওঁ অধিক দৰ্মহাত
প্ৰাগ বিশ্ববিদ্যালয়
ত এটি চাকৰি পায়; কিন্তু ইয়াতো তেওঁ বেছি দিন থাকিব নোৱাৰিলে; কিয়নো ইতিমধ্যে
ইহুদী
সকলৰ প্ৰতি জাৰ্মান সকলৰ মনত ক্ৰোধ আৰু ঘৃণাৰ ভাৱ ক্ৰমাৎ বৃদ্ধি পাই আহিছিল। তাৰ ৩০ বছৰৰ পিছত জাৰ্মানিত হ’বলগীয়া ইহুদী নিধনযজ্ঞৰ সূত্ৰপাত ইতিমধ্যেই হৈছিল। এলবাৰ্টলৈ এনে সময়তে আমন্ত্ৰণ আহে
চুইজাৰলেণ্ড
ৰ জুৰিখত থকা সেই পলিটেকনিকৰ পৰা য’ত তেওঁ এসময়ত ছাত্ৰ আছিল। মিলেভাইও এই কথাত মনে মনে বৰ ভাল পালে।
এই পলিটেকনিকত কাম কৰি থকা অৱস্থাতেই তেওঁ আৰু কেইটামান আলোড়নকাৰী বৈজ্ঞানিক তথ্য আৱিষ্কাৰ কৰে আৰু এইবোৰ প্ৰবন্ধ আকাৰে প্ৰকাশ পায়। এইবাৰ তেওঁলৈ প্ৰুচীয় ৰাজকীয় বিজ্ঞান একাডেমীৰ সদস্য পদৰ লগতে বাৰ্লিনত নতুনকৈ আৰম্ভ হোৱা কেইজাৰ উইলহেম ইনষ্টিটিউটৰ পৰিচালকৰ পদ আগবঢ়োৱা হয়। কোনো বিজ্ঞানীৰ পক্ষেই এই ধৰণৰ সুবিধা দলিয়াই পেলোৱাটো সম্ভৱ নহয়। এই চাকৰিৰ পৰা তেওঁৰ অৰ্থাভাৱ দূৰ হোৱাৰ লগতে গৱেষণাৰ কাৰণেও পৰ্যাপ্ত সময় ওলাব। গতিকে তেওঁ এই চাকৰি গ্ৰহণ কৰিলে; কিন্তু তেওঁৰ পত্নী মিলেভা বাৰ্লিনলৈ যাবলৈ ৰাজী নহ’ল। আইনষ্টাইনে তেওঁৰ দুই পুত্ৰ আৰু পত্নী মিলেভাক জুৰিখতে এৰি
বাৰ্লিন
লৈ যাত্ৰা কৰিলে।
দ্বিতীয় বিবাহ আৰু গৱেষণা
সম্পাদনা কৰক
১৯১৯ চনৰ ২ জুনত আইনষ্টাইনে এলছা আইনষ্টাইন নামৰ এগৰাকী দূৰ সম্পৰ্কীয় মহিলাক বিয়া কৰায়। ইয়াৰ পিছত ১৯১৩ চনৰ পৰা ১৯৩৩ চনলৈ প্ৰায় কুৰি বছৰ কাল তেওঁ বাৰ্লিনত কটায় আৰু ইয়াতেই তেওঁ গৱেষণাৰ কাম শেষ কৰি পৃথিৱীৰ বিজ্ঞানী মহলৰ আগত ডাঙি ধৰে তেওঁৰ আলোড়নকাৰী আবিষ্কাৰ
আপেক্ষিকতাবাদ তত্ত্ব
ৰ। প্ৰায় ২৫ বছৰৰ কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ মাজেৰে কৰা তেওঁৰ সাধনাৰ ফল তেওঁ লাভ কৰে আৰু সমগ্ৰ বিশ্বৰ বিজ্ঞানী মহলত এক আলোড়নৰ সৃষ্টি কৰাৰ লগতে নিউটনৰ সূত্ৰ সমূহৰ খুতি-নাটিৰ ওপৰত এক নতুন চিন্তাৰ জোৱাৰ আনি দিয়ে। সেইটো আছিল যুদ্ধোত্তৰ কাল।
প্ৰথম বিশ্বযুদ্ধ
ইতিমধ্যে শেষ হৈছে। পৃথিৱী জুৰি তেতিয়া কেৱল সদ্যসমাপ্ত হোৱা যুদ্ধখনৰে চৰ্চা; কিন্তু এই সকলোবোৰ চিন্তা তল পেলাই ১৯১৯ চনৰ ৭ নৱেম্বৰ তাৰিখে
ইংলেণ্ড
ৰ ‘দ্য টাইমচ’ কাকতে লিখিলে, “It is the discovery of a whole continent of new scientific ideas. It is the greatest discovery in connection with gravitation since Newton enumerated his principles.”
আইনষ্টাইনৰ গৱেষণাৰ বিষয় কেৱল এটা নাছিল। তেওঁ
পোহৰ
গতি
সময়
শক্তি
আৰু পদাৰ্থ আদিৰ ওপৰত একে সময়তে গৱেষণা চলাইছিল। আইনষ্টাইনে প্ৰতিষ্ঠা কৰা সত্য সমূহৰ এটা হ’ল ‘পদাৰ্থ মাত্ৰেই শক্তি’ এটাক আনটোলৈ ৰূপান্তৰিত কৰিব পৰা যায়। ইয়াৰ আগতে মানুহে বিশ্বাস কৰিছিল যে পদাৰ্থ আৰু শক্তি দুটা সম্পূৰ্ণ বেলেগ বস্তু। ইটা এটুকুৰা পদাৰ্থ। উত্তাপ শক্তি। এই ইটা আৰু উত্তাপ দুটা ভিন্ন বস্তু, কিন্তু আইনষ্টাইনে এই ধাৰণা ভুল বুলি প্ৰমাণিত কৰে। সমসাময়িক পদাৰ্থবিদ সকলে চিন্তা কৰিলে যে আইনষ্টাইনৰ এই তথ্য সত্য হ’লে বহুতো অসম্ভৱ কথা সম্ভৱ হ’ব।
এই তত্ত্বৰ কেইবছৰমানৰ ভিতৰতে তৈয়াৰ কৰা হৈছিল
পৰমাণু বোমা
আৰু বৰ্তমান যুগৰ
পৃথিৱী
পৰমাণু শক্তি
ৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ আছে। আইনষ্টাইনৰ এই তথ্য তেওঁৰ আপেক্ষিকতাবাদৰ এটা অংশহে মথোন। আইনষ্টাইনৰ আবিষ্কাৰ সমূহৰ বাবে তেওঁলৈ আগবঢ়োৱা হয় ১৯২২ চনৰ
পদাৰ্থ বিজ্ঞান
ন'বেল বটা
ইতিমধ্যে
ইউৰোপ
আৰু
আমেৰিকা
ৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা বক্তৃতা দিবৰ বাবে আইনষ্টাইনক অনেকবাৰ আমন্ত্ৰণ জনোৱা হয়। ১৯৩২ চনত আমেৰিকাত আন্তৰ্জাতিক উচ্চ বিজ্ঞান পৰিষদৰ পৰা এনে এক আমন্ত্ৰণ পাই তেওঁ আমেৰিকালৈ যায়। এই যাত্ৰাত আমেৰিকাৰ পৰা ঘূৰি অহাৰ পিছত তেওঁ জাৰ্মানিত প্ৰৱেশ কৰিব নোৱাৰিলে, কাৰণ এই সময়ছোৱাৰ ভিতৰত জাৰ্মানিত আৰম্ভ হৈছিল
ইহুদী নিধন পৰ্ব
অন্তিম জীৱন কাল
সম্পাদনা কৰক
আইনষ্টাইনে ইয়াৰ পিছত বেলজিয়ামত থাকিবলৈ লয়। এখন সমুদ্ৰবৰ্তী গাঁৱত তেওঁ স্বেচ্ছাই নিৰ্বাসিত জীৱন গ্ৰহণ কৰে; কিন্তু আমেৰিকাৰ প্ৰিন্সটন কলেজত অধ্যাপনাৰ বাবে পোৱা আমন্ত্ৰণ গ্ৰহণ কৰি তেওঁ আমেৰিকালৈ যায় আৰু তাতেই থাকিবলৈ লয়। ১৯৩৬ চনৰ ১৫ জানুৱাৰীত তেওঁ আমেৰিকাৰ নাগৰিকত্ব গ্ৰহণ কৰে। জীৱনৰ শেষ কালছোৱাত তেওঁ আন এটা বৈজ্ঞানিক সত্য উদঘাটন কৰে যাৰ নাম ‘একত্ৰিত ক্ষেত্ৰ তত্ত্ব’ (The unified Field Theory)। এই তত্ত্বত তেওঁ দেখুৱায় যে গ্ৰহ, তৰা, অণু-পৰমাণু তড়িৎ এই সকলোবোৰ একেটা প্ৰাকৃতিক নিয়মৰেই অধীন।
আইনষ্টাইনৰ গৱেষণাৰ আহিলা আছিল এডাল পেঞ্চিল আৰু কাগজ আৰু সত্যবোৰ উদঘাটন কৰিছিল সেই কাগজত পেঞ্চিল টুকুৰাৰে অংক কৰি। আন কোনো যন্ত্ৰপাতিয়েই তেওঁৰ নাছিল।
মৃত্যু
সম্পাদনা কৰক
১৯৫৫ চনৰ ১৮ এপ্ৰিল তাৰিখে এই বিৰাট প্ৰতিভা সম্পন্ন ব্যক্তি, বিজ্ঞানীসকলৰো বিস্ময় এলবাৰ্ট আইনষ্টাইনৰ ইহলীলাৰ অন্ত পৰে।
আইনষ্টাইনৰ সুখৰ তত্ত্ব
সম্পাদনা কৰক
সুখ সম্বন্ধে এলবাৰ্ট আইনষ্টাইনে পোষণ কৰা ধাৰণা এটি এতিয়া ‘আইনষ্টাইনৰ সুখৰ তত্ত্ব’(Einstein’s Theory of Happiness) হিচাপে পৰিগণিত। ১৯২২ চনৰ নৱেম্বৰ মাহ। জাপানী প্ৰকাশক এজনৰ আমন্ত্ৰণক্ৰমে এলানি বিশেষ বক্তৃতাত অংশগ্ৰহণ কৰিবলৈ আইনষ্টাইন জাপানলৈ গৈছিল। যাত্ৰা কৰি থাকোঁতেই আইনষ্টাইনে জানিবলৈ পালে যে তেওঁক সেই বছৰৰ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটাটি প্ৰদান কৰা হৈছে। মুহূৰ্তৰ ভিতৰতে এই সুখবৰে গৈ জাপানৰ আকাশ-বতাহ স্পৰ্শ কৰিলে। মহান বিজ্ঞানীজনক এপলক চাবলৈ জাপানী মানুহসকল অতিশয় অধীৰ আৰু ব্যাকুল হৈ পৰিল। আইনষ্টাইনো গৈ কিছু বেলিৰ মূৰত জাপানত উপস্থিত হ’ল। কিন্তু ৰাইজৰ মাজলৈ নগৈ তেওঁ গ’ল টকিঅ’স্থিত ইমপেৰিয়েল হোটেলৰ এটা আছুতীয়া কোঠালৈ। জাপানী মানুহৰ এই আদৰ-সাদৰ আৰু উছাহ দেখি আইনষ্টাইনে সুখ পাইছিল যদিও ভিতৰি ভিতৰি বৰ বিব্ৰতবোধ কৰিছিল। তথাপিতো ন’বেল বঁটা-প্ৰাপ্তিৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া ৰাইজক জনোৱাৰ উদ্দেশ্যে আইনষ্টাইনে মনৰ অনুভৱ কাগজ এখনত লিখিবলৈ বহিল। তেনেতে হোটেলৰ পিয়নজনে তেওঁৰ দুৱাৰত টোকৰ দিলেগৈ। সেই পিয়নজন আহিছিল কোনোবাই পঠিওৱা বস্তু এটা আইনষ্টাইনক চমজাই দিবলৈ। বস্তুটো আইনষ্টাইনক চমজাই দি ল’ৰাজন যাবলৈ ওলাল। কিন্তু আইনষ্টাইনে ভাবিলে-এনেকৈ সুদা হাতে ল’ৰাজনক পঠিয়ালে ভাল নহ’ব। সেয়ে তেওঁ ল’ৰাজনক সৰু ‘টিপ্’ এটা দিব বিচাৰিলে। পিছে সেইয়া সম্ভৱ হৈ নুঠিল। (বোধহয় আইনষ্টাইনৰ হাতত সেইমুহূৰ্তত খুচুৰা নাছিল নাইবা ল’ৰাজনে স্থানীয় ৰীতি মানি চলি আইনষ্টাইনৰ পৰা ‘টিপ্’ ল’বলৈ অস্বীকাৰ কৰিছিল। ) উপায়বিহীন হৈ আইনষ্টাইনে তেওঁৰ হাতত তুলি দিলে দুখন সৰু কাগজ। এখনত লিখিলে- “
য’তে ইচ্ছা,ত’তে বাট
(When there is a will, there is a way)”। আনখন কাগজত লিখিলে সুখসম্বন্ধীয় এষাৰি গুৰুত্বপূৰ্ণ কথা-“
নীৰৱচ্ছিন্ন অস্থিৰতাৰে সম্পৃক্ত হৈ থকা সফলতাৰ সন্ধানতকৈ এটা শান্ত আৰু সৰল জীৱনে অধিক সুখ প্ৰদান কৰে।
” (A calm and modest life brings more happiness than the pursuit of success combined with constant restlessness.) কোৱাটো নিষ্প্ৰয়োজন, এইটো শাৰীয়েই এতিয়া আইনষ্টাইনৰ ‘সুখৰ তত্ত্ব’ বুলি পৰিচিত। কাগজখন চমজাই উঠি আইনষ্টাইনে ল’ৰাজনক ক’লে-“যদি তুমি ভাগ্যৱান,তেন্তে কাগজত লিখা এই টোকা দুটা এসময়ত খুচুৰাতকৈ অধিক মূল্যৱান বুলি বিবেচিত হ’ব। ”
২০১৭ বৰ্ষত উদ্ধাৰ হোৱা পুৰণি পত্ৰ দুখন সেই বছৰৰে অক্টোবৰ মাহত প্ৰায় দুই মিলিয়ন ডলাৰত নিলামযোগে বিক্ৰী হৈ গ’ল। সুখসম্বন্ধীয় বাৰ্তাটোৱেও বৌদ্ধিক আৰু বিজ্ঞান মহলত শেহতীয়াকৈ বিশেষ পৰিচিতি লাভ কৰিবলৈ সক্ষম হৈছে।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক
১৯২১ চনৰ পদাৰ্থবিজ্ঞানৰ নোবেল (২৩ ডিচেম্বৰ ২০১১).
"১৯২১ চনৰ পদাৰ্থবিজ্ঞানৰ নোবেল"
আইনষ্টাইন
. নোবেল ফাউণ্ডেচন. পৃষ্ঠাসমূহ: ১
। আহৰণ কৰা হৈছে: ২৩ ডিচেম্বৰ ২০১১
Hans-Josef Küpper (২০১০).
"einstein"
einstein
. einstein-website.de. Archived from
the original
on July 22, 2011
। আহৰণ কৰা হৈছে: December 24, 2011
3.0
3.1
নোবেল ফাউণ্ডেচন (December 24, 2011).
"আইনষ্টাইন-জীৱনী"
. নোবেল ফাউণ্ডেচন
। আহৰণ কৰা হৈছে: December 24, 2011
John J. Stachel (2002),
Einstein from "B" to "Z"
, Springer, pp. 59–61,
ISBN
9780817641436
, আহৰণ কৰা হৈছে: ২৪ ডিচেম্বৰ ২০১১
গ্ৰন্থ সংযোগ
সম্পাদনা কৰক
Fölsing, Albrecht (1997):
Albert Einstein: A Biography
. New York: Penguin Viking. (Translated and abridged from the German by Ewald Osers.)
Highfield, Roger; Carter, Paul (1993).
The Private Lives of Albert Einstein
. প্ৰকাশক London: Faber and Faber.
ISBN
978-0571167449
Hoffmann, Banesh, with the collaboration of Helen Dukas (1972):
Albert Einstein: Creator and Rebel
. London: Hart-Davis, MacGibbon Ltd.
Isaacson, Walter (2007):
Einstein: His Life and Universe
. Simon & Schuster Paperbacks, New York.
ISBN 978-0-7432-6473-0
Moring, Gary (2004):
The complete idiot's guide to understanding Einstein
( 1st ed. 2000). Indianapolis IN: Alpha books (Macmillan USA).
ISBN 0-02-863180-3
Pais, Abraham
(1982):
Subtle is the Lord: The science and the life of Albert Einstein
. Oxford University Press. The definitive biography to date.
Pais, Abraham (1994):
Einstein Lived Here
. Oxford University Press.
Parker, Barry (2000):
Einstein's Brainchild
. Prometheus Books. A review of Einstein's career and accomplishments, written for the lay public.
Schweber, Sylvan S. (2008):
Einstein and
Oppenheimer
: The Meaning of Genius
. Harvard University Press.
ISBN 978-0-674-02828-9
Oppenheimer
, J.R. (1971): "On Albert Einstein," p. 8–12 in
Science and synthesis: an international colloquium organized by Unesco on the tenth anniversary of the death of Albert Einstein and Teilhard de Chardin
, Springer-Verlag, 1971, 208 pp. (Lecture delivered at the UNESCO House in Paris on 13 December 1965.) Also published in The New York Review of Books, 17 March 1966,
On Albert Einstein by Robert Oppenheimer
বাহ্যিক সংযোগ
সম্পাদনা কৰক
Albert Einstein
প্ৰবন্ধৰ বিষয়ে ৱিকিপিডিয়াৰ
ভগ্নী প্ৰকল্প
সমূহত অধিক তথ্য চাব পাৰে:
শব্দৰ অৰ্থ
ৱিকিঅভিধানত
চিত্ৰ আৰু মিডিয়া
কমন্সত
মাধ্যম আৰু কাৰ্যক্ৰম
ৱিকিবিশ্ববিদ্যালয়ত
বা-বাতৰি
ৱিকিসংবাদত
উক্তিৰ সংগ্ৰহ
ৱিকিউক্তিত
কিতাপ, লিখনি আদি
ৱিকিউৎসত
পাঠ্যপুথি
ৱিকিগ্ৰন্থত
Works by Albert Einstein
(public domain in Canada)
The MacTutor History of Mathematics archive
, School of Mathematics and Statistics, University of St Andrews, Scotland, April 1997
, আহৰণ কৰা হৈছে: 14 June 2009
Why Socialism?
by Albert Einstein,
Monthly Review
, May 1949
Einstein's Personal Correspondence: Religion, Politics, The Holocaust, and Philosophy
Archived
2015-03-15 at the
Wayback Machine
Shapell Manuscript Foundation
FBI file on Albert Einstein
Nobelprize.org Biography:Albert Einstein
The Einstein You Never Knew
Archived
2011-03-10 at the
Wayback Machine
— slideshow by
Life magazine
Albert Einstein
— videos
Science Odyssey People And Discoveries
MIT OpenCourseWare STS.042J/8.225J: Einstein, Oppenheimer, Feynman: Physics in the 20th century
— free study course that explores the changing roles of physics and physicists during the 20th century
গুগল স্কলাৰ
প্ৰকাশনৰ তালিকা
কৰ্তৃপক্ষ নিয়ন্ত্ৰণ
সাধাৰণ
Integrated Authority File (Germany)
ISNI
ORCID
VIAF
WorldCat (via VIAF)
ৰাষ্ট্ৰীয় পুথিভঁৰাল
Norway
Chile
Spain
France
(data)
Catalonia
Ukraine
Italy
United States
Latvia
Taiwan
Japan
Czech Republic
Australia
Greece
Israel
Korea
Romania
Croatia
Netherlands
Poland
Russia
Sweden
Vatican
কলা গৱেষণা প্ৰতিষ্ঠান
Artist Names (Getty)
বৈজ্ঞানিক ডাটাবেচ
CiNii (Japan)
Mathematics Genealogy Project
Semantic Scholar
অন্যান্য
Faceted Application of Subject Terminology
Historical Dictionary of Switzerland
MusicBrainz
artist
National Archives (US)
RISM (France)
RERO (Switzerland)
The RERO id A003212458 is not valid.
Social Networks and Archival Context
SUDOC (France)
Trove (Australia)
"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি
পদাৰ্থ বিজ্ঞানী
তাত্ত্বিক পদাৰ্থ বিজ্ঞানী
পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা বিজয়ী
অদৃশ্য শ্ৰেণীসমূহ:
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ
Ill-formatted IPAc-en transclusions
উদ্ধৃতিৰ প্ৰয়োজন থকা প্ৰবন্ধ
Webarchive template wayback links
Articles with GND identifiers
Articles with ISNI identifiers
Articles with ORCID identifiers
Articles with VIAF identifiers
Articles with BIBSYS identifiers
Articles with BNC identifiers
Articles with BNE identifiers
Articles with BNF identifiers
Articles with CANTIC identifiers
Articles with EMU identifiers
Articles with ICCU identifiers
Articles with LCCN identifiers
Articles with LNB identifiers
Articles with NCL identifiers
Articles with NDL identifiers
Articles with NKC identifiers
Articles with NLA identifiers
Articles with NLG identifiers
Articles with NLI identifiers
Articles with NLK identifiers
Articles with NLR identifiers
Articles with NSK identifiers
Articles with NTA identifiers
Articles with PLWABN identifiers
Articles with RSL identifiers
Articles with SELIBR identifiers
Articles with VcBA identifiers
Articles with ULAN identifiers
Articles with CINII identifiers
Articles with MGP identifiers
Articles with Semantic Scholar author identifiers
Articles with FAST identifiers
Articles with HDS identifiers
Articles with MusicBrainz identifiers
Articles with NARA identifiers
Articles with RISM identifiers
Articles with faulty RERO identifiers
Articles with SNAC-ID identifiers
Articles with SUDOC identifiers
Articles with Trove identifiers
Articles with WorldCat-VIAF identifiers
AC with 41 elements
Articles with multiple identifiers
Pages using ISBN magic links
এলবাৰ্ট আইনষ্টাইন
বিষয় যোগ কৰক
US